• অৰুণাচলৰ সমীপলৈকে চীনৰ বুলেট ট্ৰেইনৰ সেৱা আৰম্ভ

    ৰাষ্ট্ৰীয়
    অৰুণাচলৰ সমীপলৈকে চীনৰ বুলেট ট্ৰেইনৰ সেৱা আৰম্ভ

    বেইজিং : অৰুণাচলৰ সমীপলৈকে চীনৰ বুলেট ট্ৰেইন। আজিৰ পৰা তিব্বত এলেকাত আৰম্ভ হ’ল সম্পূৰ্ণৰূপে বৈদ্যুতিক এই সেৱা। হিমালয়ান এলেকাৰ অতি দুৰ্গম এই অঞ্চলকো বুলেট ট্ৰেইনেৰে সংলগ্ন কৰিলে চুবুৰীয়া দেশখনে। লাছা আৰু নিয়িংচিক সংলগ্ন কৰা হৈছে এই বুলেট ট্ৰেইন সেৱাৰ জৰিয়তে।





    নিয়িংচি তিব্বত সীমান্তৱৰ্তী এখন কৌশলগত কাৰণত গুৰুত্বপূৰ্ণ এখন চহৰ। কিয়নো ই অৰুণাচলৰ অতি কাষৰীয়া। লাছা-নিয়িংচি সংযোগী এই ৪৩৫.৫ কিলোমিটাৰ বুলেট ট্ৰেইনসেৱা ছিচুৱান-তিব্বত ৰে’লৱেই এই সেৱাৰ আৰম্ভণি কৰে। ১ জুলাইত দেশখনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ শতবৰ্ষ উদযাপনৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।





    উল্লেখ্য যে, ছিচুৱান-তিব্বত ৰে’লৱে হৈছে তিব্বতত সেৱা আগবঢ়োৱা দ্বিতীয়টো ৰে’ল সেৱা। ইয়াৰ পূৰ্বে কুইংঘাই-তিব্বত ৰে’লৱেই সেৱা আগবঢ়াই আছিল অঞ্চলটোত। চীনৰ এই পদক্ষেপ ভাৰতৰ বাবেও প্ৰত্যাহ্বানপূৰ্ণ বিবেচিত হ’ব পাৰে।