• অৰুণাচল সীমান্তৰে চীনে চলাব বুলেট ট্ৰেইন

    ৰাষ্ট্ৰীয়
    অৰুণাচল সীমান্তৰে চীনে চলাব বুলেট ট্ৰেইন

    অৰুণাচলঃ অৰুণাচল সীমান্তৰে বুলেট ট্ৰেইনৰ চলাচল আৰম্ভ কৰিব চীনে। তিব্বতৰ ৰাজধানী লাছাৰ পৰা চীনৰ নিংচিৰ মাজত চলাচল কৰিব এই বৈদ্যুতিন বুলেট ট্ৰেইন। ইফালে, বিগত শুকুৰবাৰে বুলেট ট্ৰেইনৰ চলাচল পৰীক্ষা কৰা হৈছে। উল্লেখ্য যে, ১ জুলাইত কমিউনিষ্ট পাৰ্টী অব্ চীনে শতবৰ্ষ পূৰ্ণ কৰিব। সেয়েহে, উত্ত দিনটোতে ছিচুয়ান-তিব্বত ৰে’লৱে আৰম্ভ কৰিব বিচাৰিছে চীন। এই লাছা-নিংচিৰ মুঠ দৈৰ্ঘ্য ৪৩৫.৫ কিঃমিঃ।ভাৰতৰ স্পৰ্শকাতৰ এই সীমান্তৱৰ্তী এলেকাটোৰ প্ৰতি সদাদৃষ্টি নিবদ্ধ হৈ থাকে। চীনৰ আগ্ৰাসী ভূমিকাৰ বাবে সংশ্লিষ্ট এলেকাটোত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতীয় সেনাবাহিনীয়ে।





    আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল





    তেনে প্ৰেক্ষাপটত এই সীমান্তৱৰ্তী এলেকাটোতে বুলেট ট্ৰেইন চলাচলৰ যো-জা চলাইছে জিন পিংয়েৰ দেশে। এই এলেকাটোত চীনৰ এয়া দ্বিতীয়টো ৰে’লপথ। বিগত বৰ্ষৰ নৱেম্বৰ মাহতে ছিয়াচুনৰপৰা নিংচিলৈ নতুন ৰে’লপথটি নিৰ্মাণৰ নিৰ্দেশ দিছিল চীনা ৰাষ্ট্ৰপতিয়ে। অৱশ্যে, সীমান্তৱৰ্তী এলেকাটোৰ সুৰক্ষাৰ কথা নখদৰ্পনত ৰাখিয়েই ৰে’লপথটি নিৰ্মাণৰ নিৰ্দেশ দিয়া বুলি জনাইছিল ৰাষ্ট্ৰপতিয়ে।জানিব পৰা মতে, ছিচুয়ানৰ ৰাজধানী ছেংগদুৰ পৰা এই ৰে’লযাত্ৰা আৰম্ভ কৰিব। অৰুণাচল প্ৰদেশ ৰাজ্যৰ সীমান্তৰ পৰা নিংছিৰ দূৰত্ব মাত্ৰ ৫০কিঃমিঃ। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিসেৱা আৰম্ভ কৰা বুলি চীনে সদৰী কৰিছে যদিও প্ৰতিৰক্ষাৰ সৈতে জৰিয়তে কথাবোৰে উদ্বেগ প্ৰকাশ কৰিছে।