• আঁতৰি গ’ল কমলা ভাছিন : নাৰী অধিকাৰ সংগ্ৰামলৈ কি আছিল তেওঁৰ অৱদান

    ৰাষ্ট্ৰীয়
    আঁতৰি গ’ল কমলা ভাছিন : নাৰী অধিকাৰ সংগ্ৰামলৈ কি আছিল তেওঁৰ অৱদান

    নতুন দিল্লী : দেশৰ প্ৰখ্যাত মহিলাৰ অধিকাৰ কৰ্মী কমলা ভাছিনৰ দেহাৱসান। নাৰীৰ অধিকাৰৰ হকে বিভিন্ন সংগ্ৰামৰ নেতৃত্ব দিয়া কমলা ভাছিনৰ মৃত্যু মহিলা অধিকাৰ সংগ্ৰামৰ ক্ষেত্ৰখনৰ এক বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে। তেওঁ আন ভালেমান আন্দোলনৰ নেতৃত্ব দিয়াৰ লগতে দক্ষিণ এছিয়াত গঢ়ি তোলা ‘ৱান বিলিয়ন ৰাইজিং’ অভিযানৰো অংশ আছিল। ৭৫বছৰ বয়সত শনিবাৰে তেওঁৰ মৃত্যু হয়।





    লিংগ, উন্নয়ন, শান্তি আৰু মানৱ অধিকাৰৰ দৰে বিষয়ক লৈ তেওঁ তিনি দশকৰো অধিক সময় কাম কৰি আছিল। কেৱল ভাৰততে নহয়, দক্ষিণ এছিয়াৰ বিভিন্ন দেশলৈ তেওঁৰ কামৰ পৰিসৰ বিস্তৃত হৈছিল। এগৰাকী কবি আৰু লেখক হিচাপেও প্ৰখ্যাত কমলা ভাছিনে নিজকে এগৰাকী ‘অনুশীলনৰ জৰিয়তে হোৱা সমাজ-বিজ্ঞানী’ বুলি আখ্যা দিছিল।





    তেওঁ ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ ভিতৰত নাৰীবাদ আৰু নাৰীৰ সৈতে জড়িত বিষয়ৰ গ্ৰন্থই আছিল সৰ্বাধিক। ভাছিনম মৃত্যুত দেশৰ বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়া, সমাজকৰ্মী হৰ্ষ মন্দেৰ, প্ৰখ্যাত অধিবক্তা তথা সংগ্ৰামী প্ৰশান্ত ভূষণ আদিয়েও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।