National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লী : ভাৰতীয় নৌসেনাৰ এসময়ৰ গুৰুত্বপূৰ্ণ অংগ এয়াৰক্ৰাফ্ট কেৰিয়াৰ ‘আইএনএছ বিৰাট’ক বিনষ্ট কৰাত বাধা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতীয় নৌসেনাৰ পৰা অব্যাহতি দিয়াৰ পাছত আইএনএছ বিৰাটক ভাঙি পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল।
আৰু পঢ়িব পাৰিব : মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়াৰ ৫৪টাকৈ ঘৰ, সীমান্তত উত্তেজনা
এটা প্ৰতিষ্ঠানে এই বিশেষ জাহাজখনক সামুদ্ৰিক সংগ্ৰহালয় আৰু বিভিন্ন সুবিধাযু্ক্ত এডভেন্সাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। যিটো প্ৰতিষ্ঠানে চৰকাৰৰ পৰা এই বিৰাটক ভঙা-ছিঙা সামগ্ৰী হিচাপে বিক্ৰীৰ বাবে গ্ৰহণ কৰিছিল সেই প্ৰতিষ্ঠানটোত ১০০ কোটি টকা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে আবেদনকাৰী প্ৰতিষ্ঠানটোৱে।
আৰু পঢ়িব পাৰিব : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
উল্লেখ্য যে, ১৯৫৯চনৰ নৱেম্বৰ মাহৰ পৰা ১৯৮৪চনৰ এপ্ৰিললৈ এই জাহাজখনে এইচএমএছ হেৰমাছ নামেৰে ব্ৰিটিছ নেভীক সেৱা আগবঢ়াইছিল। তাৰ পাছত মেৰামতিৰ কৰি ভাৰতীয় নৌসেনাত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।
Leave A Comment