• আইচলেণ্ডত বশীভূত কৰ’না! চলিত বৰ্ষত মৃত্যু ১

    ৰাষ্ট্ৰীয়
    আইচলেণ্ডত বশীভূত কৰ’না! চলিত বৰ্ষত মৃত্যু ১

    নতুন দিল্লীঃ কৰ’না মাৰন ভাইৰাছৰ ত্ৰাসত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে কৰ’না মহামাৰীৰ তৃতীয় ঢৌৰ আশংকা ক্ৰমাত বৃদ্ধি পাইছে। বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো কৰ’নাৰ বাবে বহুলোক মৃত্যুৰ মুখত পৰিছে। বিশ্বত কৰ’নাৰ দামামাৰ মাজতে এনে কেইখনমান দেশ আছে য’ত কৰ’নাই অনাহূত পৰিস্থিতিৰ সৃষ্টি পৰা নাই। ইয়াৰে ভিতৰত অন্যতম দেশ আইচলেণ্ড। আইচলেণ্ডৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, সম্প্ৰতি দেশখনত কৰ’নাক্ৰান্তৰ সংখ্যা মাত্ৰ ৬০জন। আচৰ্যজনক যে, চলিত বৰ্ষত দেশখনত ক’ভিডত মৃত্যু হৈছে মাত্ৰ ১জনৰ। সমগ্ৰ ইউৰোপৰ ভিতৰত কেৱল আইচলেণ্ডতে মৃত্যুৰ সৰ্বনিম্ন হাৰ।





    কৰ’না নিয়ন্ত্ৰণৰ বাবে বিগত ৬মাহত আইচলেণ্ডে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। আইচলেণ্ডত এসপ্তাহ পূৰ্বে কৰ’নাক্ৰান্তৰ সংখ্যা আছিল ৩০জন। সম্প্ৰতি এই সংখ্যা ৬০জনলৈ বৃদ্ধি পাইছে। ৩লাখ ৬০হাজাৰ জনসংখ্যাৰ দেশখনত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬হাজাৰ ৬৩৭। মৃত্যু হৈছে ৩০জনৰ।





    জানিবলৈ পোৱা মতে, কৰ’নাৰ নতুন প্ৰকাৰ ডেলটা ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে আইচলেণ্ডত। দুগৰাকী ব্যক্তি ডেলটা ভেৰিয়েণ্টত আক্ৰান্ত হৈছে। দেশখনৰ সৰহভাগ লোকে ক’ভিড টিকা গ্ৰহণ কৰিছে। ফলত পৰিস্থিতিৰ অধিক অৱনতি নঘটাৰ আশা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে।