National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
ডিজিটেল ডেস্কঃ ‘আইনক প্ৰায়েই ধনিক শ্ৰেণীৰ বৃত্তি বুলি জ্ঞান কৰি অহা হৈছে। কিন্তু ধীৰে ধীৰে এই পৰিৱেশ সলনি হৈছে। সুযোগ সকলোৰে বাবে মুকলি হৈছে।’ এই বক্তব্য দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ। আজি ভাৰতীয় বাৰ কাউঞ্চিলৰ দ্বাৰা আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ ৰমনাই লগতে কয় যে সমগ্ৰ দেশতে ন্যায়াধীশসকলৰ বৃহৎসংখ্যক পদ খালী আছে।
উচ্চতম ন্যায়ালয়তো মাত্ৰ ১১ শতাংশ মহিলাহে ন্যায়াধীশ হিচাপে আছে। তেওঁ মহিলা ন্যায়াধীশসকলে কৰ্মস্থলীত সন্মুখীন হোৱা সমস্যাৰ ওপৰতো আলোকপাত কৰে। নিজৰ উচ্চ ন্যায়ালয়ত কৰ্মৰত দিনৰ অভিজ্ঞতা ৰোমন্থন কৰি তেওঁ কয়, ‘ন্যায়ালয়ত মহিলাসকলে শৌচাগাৰৰ সুবিধা নাপায়।
মহিলা অধিবক্তাসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত কথাবোৰ সলনি কৰাৰ চেষ্টা মই কৰিছিলো।’ মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ আদালতসমূহত পৰিলক্ষিত হোৱা আন্ত:গাঁথনিৰ অভাৱৰ কথাও দোহাৰে।
Leave A Comment