International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
বাশ্বিংটনঃ কাবুল বিমানবন্দৰৰ বাহিৰত হোৱা আত্মঘাতী আক্ৰমণৰ প্ৰতিশোধ লোৱা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সদৰী কৰিছে। কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জ’ বাইডেনে প্ৰদান কৰিছে এই বিস্ফোৰক মন্তব্য। বৃহস্পতিবাৰে কাবুল বিমানবন্দৰৰ বাহিৰত বিদেশী নাগৰিক আৰু আফগানসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্ৰচেষ্টাৰ মাজতে দুটা বিস্ফোৰণ সংঘটিত হৈছিল।
ঘটনাটোত ১৩জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসহ শতাধিক লোক নিহত হোৱা বুলি জানিবলৈ পোৱা গৈছে।
সংঘটিত ঘটনাটোৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণৰ লগতে আক্ৰমণত জড়িতসকলক বিচাৰি উলিয়াই উপযুক্ত শাস্তি বিহা হ’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।
Leave A Comment