Politics
ডিজিটেল ডেস্কঃ আফগানিস্তানত গঠন হ’ব তালিবানৰ চৰকাৰ। কিন্তু এই চৰকাৰ কেৱল তালিবানীৰেই নহয়। ইয়াত এক বৃহৎ ভূমিকা থাকিব পাকিস্তানৰো। ইতিমধ্যেই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী ফাইজ আহমেদ গৈ উপস্থিত হৈছে কাবুলত।তেওঁ সাক্ষাৎ কৰিছে তালিবানী নেতৃত্বক। চৰকাৰ গঠনৰ কুচকাৱাজ চলাৰ মাজতে কাবুলত ফাইজ আহমেদৰ উপস্থিতি নিসন্দেহে অতিকে মহত্বপূৰ্ণ।
আনহাতে ইতিমধ্যেই কাবুলত আছে পাকিস্তানী নেতৃত্বৰ প্ৰতিনিধি জেনেৰেল হামিদ।
ইফালে পাকিস্তান ভ্ৰমণকাৰী ব্ৰিটিছ বৈদেশিক সচিব ডমিনিক ৰাবক শনিবাৰে পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই কৈছিল যে কাবুলত সকলোকে সামৰি লৈ এখন সুদৃঢ় চৰকাৰ প্ৰতিষ্ঠা কৰাত তালিবানক তেওঁলোকে সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াব। আফগানিস্তানত শান্তি আৰু উন্নয়ন নিশ্চিত কৰাৰ বাবে পাকিস্তান দায়বদ্ধ বুলিও কৈছিল পাকিস্তানী সেনাপ্ৰধান গৰাকীয়ে।
উল্লেখ্য যে তালিবানে চৰকাৰ গঠনৰ সমস্ত প্ৰক্ৰিয়া পৰৱৰ্তী এটা সপ্তাহলৈ স্থগিত ৰাখিছে। আন্তৰাষ্ট্ৰীয় মঞ্চত স্বীকৃত হ’ব পৰাকৈ এখন চৰকাৰ বিধিসন্মতভাৱে প্ৰতিষ্ঠা কৰিব নোৱাৰা বাবেই তালিবানীয়ে এইক্ষেত্ৰত আগবাঢ়ি গৈও থমকি ৰ’বলগীয়া হৈছে। তালিবানৰ নিজৰ মাজৰ মতানৈক্যও এই বিলম্বৰ এক কাৰণ।
যি নহওঁক,আফগানিস্তানত তালিবান চৰকাৰ গঠনৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকা আৰু আগ্ৰহহে ভাৰতৰ বাবে অধিক লক্ষ্যণীয় বিষয় হ’ব। দেশখনৰ চৰকাৰত পাকিস্তানে নিজৰ নিয়ন্ত্ৰণ সুদৃঢ় কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰত পাকিস্তানৰ ওপৰত চীনৰ আশীৰ্বাদ থকাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। আৰু সঁচাকৈয়ে তালিবানীৰ ওপৰত চীন-পাকিস্তানৰ নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে প্ৰতিষ্ঠা হ’লে ভাৰতৰ বাবে বিষয়টো কিছু পৰিমাণে সংবেদনশীল হ’ব সেয়া নিশ্চিত।
Leave A Comment