• আজিৰেপৰা সংসদৰ বাজেট অধিৱেশন: ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন ১৯টাকৈ বিৰোধী দলৰ

    ৰাষ্ট্ৰীয়
    আজিৰেপৰা সংসদৰ বাজেট অধিৱেশন: ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন ১৯টাকৈ বিৰোধী দলৰ

    নতুন দিল্লী: আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন৷ উভয় সদনত সম্বোধন কৰি অধিৱেশন আৰম্ভ কৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে৷ ইফালে কৃষি আইনৰ বিৰোধিতাৰে ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন কৰে ১৯টাকৈ বিৰোধী দলে৷ উল্লেখ্য, আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন৷





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!





    সোমবাৰে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷ এইবাৰৰ বাজেট অধিৱেশন হ’ব দুটা পৰ্যায়ত৷ ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব৷ আনহাতে ৮ মাৰ্চৰপৰা ৮ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব৷ ক’ভিড বিধিৰ বাবে এইবাৰ ছপা ৰূপত নাথাকিব বাজেট৷





    আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ





    প্ৰথমবাৰলৈ পেপাৰবিহীন হ’ব কেন্দ্ৰীয় বাজেট৷ উল্লেখ্য় যে, এইবাৰৰ বাজেটৰ থীম হৈছে ‘Ease of Living’৷ কৃষক ৰে’ল, কৃষি উড়ানৰ দৰে আঁচনি ঘোষণাৰ সম্ভাৱনা আছে এইবাৰৰ বাজেট অধিৱেশনত৷