• আজিৰে পৰা আৰম্ভ বেংক লেন-দেনৰ নতুন নিয়ম: জানো আহক নিয়মসমূহ

    ৰাষ্ট্ৰীয়
    আজিৰে পৰা আৰম্ভ বেংক লেন-দেনৰ নতুন নিয়ম: জানো আহক নিয়মসমূহ

    ডিজিটেল ডেস্ক: আজিৰে পৰা আৰম্ভ বেংক লেন-দেনৰ নতুন নিয়ম৷ দুৰ্নীতিমুক্ত আৰু শূন্যসহশীল নীতিৰে শাসনৰ বাঘজৰীলৈ অহা মোদী চৰকাৰে আচ্ছে দিনৰ বাবে গ্ৰহণ কৰিছে নতুন নতুন নিয়ম৷ তাৰ ভিতৰত নগদ লেন-দেন হ্ৰাস কৰাৰ আন এক প্ৰয়াস কেন্দ্ৰৰ





    এইবাৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ নতুন নিয়ম বান্ধি দিলে চৰকাৰে৷ অনলাইন লেন-দেন সুৰক্ষিত কৰাৰ লক্ষ্যৰে অট’ ডেবিটেৰ নতুন নিয়ম লঘু হ’ব দেশত৷ নিয়ম অনুসৰি, অট’ ডেবিটৰ পূৰ্বে গ্ৰাহকলৈ পঠিয়াব লাগিব নটিফিকেশ্যন৷ ৫ হাজাৰ টকাৰ কম লেন-দেনৰ ক্ষেত্ৰত লাঘৱ হ’ব এই নিয়ম৷





    গ্ৰাহকৰ অনুমতি পালেহে একাউণ্টৰ টকা কাটিব পাৰিব বেংকে৷ ইএমআই, বীমাৰ প্ৰিমিয়ামৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম৷ অ’টিপিৰ মাধ্যমত ৫ হাজাৰৰ ওপৰত অট’ ডেবিট লেন-দেন৷ আনহাতে, কাইলৈৰ পৰা ৩টা বেংকৰ চেকবুক গ্ৰহণ নহ’ব৷ বেংককেইটা হৈছে এলাহাবাদ বেংক, অৰিয়েণ্টেল বেংক আৰু ইউনাইটেড বেংক৷