• আত্মহত্যাৰ চেষ্টা 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদৰ

    ৰাষ্ট্ৰীয়
    আত্মহত্যাৰ চেষ্টা 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদৰ

    নতুন দিল্লী : দিল্লীৰ জনপ্ৰিয় 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদে আত্মহত্যাৰ চেষ্টা চলোৱাৰ বাতৰি জানিব পৰা গৈছে৷ বৰ্তমান কান্তা প্ৰসাদ ছফদৰজং চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷





    দিল্লী আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা ১১.১৫ বজাত কান্তা প্ৰসাদে আত্মহত্যাৰ চেষ্টা চলোৱা পাছতে ততাতয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷ ৮১ বছৰীয়া কান্তাই অব্যৱহাৰযোগ্য সুৰাপান আৰু শ্লিপিং টেবলেট গ্ৰহণ কৰিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷





    উল্লেখ্য যে, বিগত বৰ্ষত জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ ৱাছানৰ এটা ভিডিঅ'ৰ পাছতে দেশজুৰি জনপ্ৰিয় হৈ পৰে 'বাবা কা ধাবা'৷ সেই সময়ত যথেষ্ট লাভবান হৈছিল যদিও বৰ্তমান সময়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল কান্তা প্ৰসাদ৷