• আফগানিস্তান সমৰত ৩ভাতৃৰ মৰ্মান্তিক বিচ্ছেদ !

    ৰাষ্ট্ৰীয়
    আফগানিস্তান সমৰত ৩ভাতৃৰ মৰ্মান্তিক বিচ্ছেদ !

    কাবুলঃ মাৰ যোৱা নাই আফগানিস্তানৰ আতংক! ইয়াৰ মাজতে নিতৌ ন-ন চিন্তা উদ্ৰেগকাৰী তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ জেৰেমি ৱাইজ, বেন ৱাইজ আৰু বেউ ৱাইজ নামৰ তিনিজন ভাতৃৰ হৃদয়বিদাৰক ঘটনাই বক্ষ বিদীৰ্ণ কৰি তুলিছে।





    উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ হৈ আফগান যুদ্ধত অংশগ্ৰহণ কৰিছিল ৩ ভাতৃ। কিন্তু আফগানিস্তানৰ মহাসমৰত বেউ ৱাইজেহে তাৰ পৰা জীৱিত অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হৈছে। আন দুজন ভাতৃ ইতিমধ্যে যুদ্ধত নিহত হৈছে। জানিবলৈ পোৱা মতে, আফগানিস্তানৰ উত্তৰ অংশত তালিবানৰ সৈতে হোৱা বন্দুকযুদ্ধত বেন ৱাইজ নিহত হৈছিল আৰু জেৰেমি ৱাইজ দক্ষিণ-পূৱৰ এটা সংস্থাৰ ঘাটিত তালিবানৰ আত্মঘাটী বোমা বিস্ফোৰণত নিহত হৈছিল।






    গণতান্ত্ৰিক চৰকাৰক বলপূৰ্বকভাৱে ওফৰাই আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ ২০ বছৰৰ পাছৰ তালিবান পূৰ্বতকৈ অধিক শক্তিশালী বুলি প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিন চাৰ্জেন্ট বিউ ৱাইজে আশংকা প্ৰকাশ কৰিছে। দ্য ৱাশ্বিংটন পোষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেউ ৱাইজে এই বিষয়ে সদৰী কৰিছে।