International
কাটাৰঃ পূৰ্বৰ চুক্তি অনুসৰি সময়সীমা উকলি যোৱাৰ এদিন পূৰ্বেই আফগানিস্তান ত্যাগ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইফালে, দেশখনে ইয়াৰ কূটনৈতিক অভিযান আফগানিস্তানৰ পৰা মধ্যপ্ৰাচ্যৰ দেশ কাটাৰলৈ স্থানান্তৰিত কৰিছে। পেণ্টাগনে সদৰী কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তিমখন সামৰিক বিমানে ৩০আগষ্টত আফগানিস্তান এৰিছে। আমেৰিকাৰ আফগানিস্তান ত্যাগৰ পাছতে তালিবানৰ শিবিৰত হৰ্ষোল্লাসময় পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকৰ প্ৰস্থানে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে তালিবানী নেতৃবৃন্দক।
আফগানিস্তান ত্যাগৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনী ব্লিঙ্কেনে প্ৰকাশ কৰিছে যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা ইয়াৰ কূটনৈতিক অভিযান কাটাৰলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমি কাবুলত আমাৰ কূটনৈতিক উপস্থিতি স্থগিত ৰাখিছো আৰু আমি আমাৰ কাৰ্যকলাপ কাটাৰৰ দোহালৈ স্থানান্তৰিত কৰিছো।’
আফগানিস্তানৰ অনিশ্চিত তথা নিৰাপত্তাজনিত পৰিৱেশ আৰু ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইটো এটা বিচক্ষণ পদক্ষেপ বুলিও প্ৰকাশ কৰে দেশখনৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে। উল্লেখ্য যে, প্ৰায় ২০০ আমেৰিকান নাগৰিক এতিয়াও আফগানিস্তানত আবদ্ধ হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক, বিদেশী আৰু বিপদাশংকাত থকা আফগানসকলক দেশখনৰ পৰা স্থানান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখাৰো অংগীকাৰ সচিব ব্লিঙ্কেনৰ।
Leave A Comment