• আফগান শৰণাৰ্থীৰ বোজা নলয় দক্ষিণ আফ্ৰিকাই

    ৰাষ্ট্ৰীয়
    আফগান শৰণাৰ্থীৰ বোজা নলয় দক্ষিণ আফ্ৰিকাই

    নতুন দিল্লীঃ আফগানভূমিত এতিয়াও মাৰ যোৱা নাই আতংকৰ! তালিবানী আগ্ৰাসনত ভীতি-সন্ত্ৰস্ত হৈ দেশত্যাগ কৰিছিল শত-সহস্ত্ৰ আফগান নাগৰিকে। শেহতীয়াকৈ তালিবানী ত্ৰাসৰ বাবে দেশত্যাগ কৰা এইসকল আফগান নাগৰিকক কেন্দ্ৰ কৰি উদ্ভৱ হৈছে প্ৰতিকুল পৰিস্থিতিৰ। যুদ্ধ-বিধ্বস্ত আফগানভূমিৰ অস্বাভাৱিক পৰিস্থিতিৰ বিপৰীতে শৰণাৰ্থী সমস্যাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি, দক্ষিণ আফ্ৰিকাই আফগান শৰণাৰ্থীৰ বোজা বহন কৰিব নোৱাৰে বুলিও সদৰী কৰিছে।





    ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়োগকো অনুমোদন জনাইছে দক্ষিণ আফ্ৰিকা চৰকাৰে। পাকিস্তানত আশ্ৰয় লোৱা আফগানিস্তানৰ শৰণাৰ্থীসকলক গ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাক কৰা অনুৰোধ পালন কৰিবলৈ সক্ষম নহ’ব বুলি স্পষ্টকৈ জনাই দিছে দক্ষিণ আফ্ৰিকা চৰকাৰে। স্বাভাৱিকতে আফগান শৰণাৰ্থীসকলে এই বিষয়টোকলৈ উদ্বিগ্ন হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা আদালতৰ মুখ্য মুখপাত্ৰ ক্লেমন মনিলাই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে।





    আফগানিস্তানৰ শৰণাৰ্থী গ্ৰহণৰ অনুৰোধ দুৰ্ভাগ্যৱশতঃ দক্ষিণ আফ্ৰিকা চৰকাৰে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই বুলি তেওঁ অৱগত কৰিছে। তেওঁ কয়, ‘দক্ষিণ আফ্ৰিকাত ইতিমধ্যে যথেষ্ট সংখ্যক শৰণাৰ্থী বাস কৰে। চৰকাৰে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দুৰ্ঘোৰ সংগ্ৰাম কৰিব লগা হয়। এনেক্ষেত্ৰত আন শৰণাৰ্থীৰ বোজা লোৱাটো অসম্ভৱ।’উল্লেখ্য যে, আন্তৰ্জাতিক আইনৰ পৰিপ্ৰেক্ষিতত, দক্ষিণ আফ্ৰিকাই শৰণাৰ্থীসকলৰ সু-স্বাস্থ্যকে ধৰি সকলো নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰিলেও সম্প্ৰতি আফগান শৰণাৰ্থীসকলক গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্টকৈ জনাই দিছে দক্ষিণ আফ্ৰিকা চৰকাৰে।