• আফগান সংকট : সৰ্বদলীয় বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

    ৰাষ্ট্ৰীয়
    আফগান সংকট : সৰ্বদলীয় বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

    নতুন দিল্লী : আফগানিস্তানৰ পৰিস্থিতি এতিয়া সমগ্ৰ বিশ্বৰ বাবেই হৈ পৰিছে উদ্বেগজনক। চুবুৰীয়া দেশ ভাৰততো পৰিছে ইয়াৰ প্ৰভাৱ। সংকটকালত ভৰি দিয়া আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে বিশেষ বৈঠক আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।





    অহা ২৬ আগষ্টত দিনৰ ১১ বজাত এই সৰ্বদলীয় বৈঠকখন অনুষ্ঠিত কৰা হ’ব। এই বৈঠকতে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে জয়শংকৰ সকলো দলৰ প্ৰতিনিধিকে যুদ্ধজৰ্জৰ দেশখনৰ পৰিস্থিতিৰ খতিয়ান দিবলৈ আহ্বান জনাইছিল।





    উল্লেখ্য যে, দেশখনৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জয়শংকৰে প্ৰত্যক্ষভাৱে মোকাবিলা কৰি আছে। দেশখনত আবদ্ধ ভাৰতীয়সকলক ওভটাই অনাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্বতে বিশেষ অভিযান চলায় ভাৰতে আৰু এই অভিযান এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত বিতং আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ বৈঠকলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে।