Regional
ৱাশ্বিংটনঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰত আইছিছে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকান সামৰিক জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে । ডেলৱাৰৰ ডোভাৰ এয়াৰবেচত অনুষ্ঠিত এক সামৰিক অনুষ্ঠানত সেনা জোৱানসকলৰ অৱশেষ পৰিয়ালটোলৈ হস্তান্তৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে উপস্থিত আছিল জিল বাইডেন।
আফগানিস্তানৰ পৰা অহা সৈনিকসকলৰ অৱশেষ আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ভুক্তভোগী আত্মীয়ৰ সৈতে মত-বিনিময় কৰে বাইডেনে। বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ পৰিয়ালক সাক্ষাত্ কৰে তেওঁ। জানিবলৈ পোৱা মতে, এতিয়ালৈকে আক্ৰমণত ১৮০ জন লোক নিহত হোৱাৰ লগতে আহত ১৫০ ৰো অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এক বিবৃতিযোগে বাইডেনে সদৰী কৰে যে, ‘নিহত ১৩ জন সৈনিক আমাৰ বীৰ। নিজৰ জীৱনক নেওচা দি তেওঁলোকে আমেৰিকাৰ আদৰ্শৰ বাবে সৰ্বোচ্চ ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।’
উল্লেখ্য যে, কাবুল বিমানবন্দৰৰ আবে গেটত এজন আত্মঘাতী বোমাৰে আইছিছে আক্ৰমণ কৰিছিল। আইছিছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু তেওঁলোকৰ আফগান মিত্ৰশক্তিক হত্যা কৰিবলৈকে এই আত্মঘাতী আক্ৰমণ চলোৱা বুলি দিয়া স্পষ্টীকৰণৰ পাছত প্ৰত্যুত্তৰৰ হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। শেহতীয়াকৈ, আফগানিস্তানত থকা আমেৰিকান নাগৰিকসকলক সুকলমে উদ্ধাৰৰো অংগীকাৰ কৰিছে বাইডেনে।
Leave A Comment