• আমেৰিকা ভয়াৱহ! ‘কুকুৰনেচীয়া বাঘ’ৰে তুলনা বাইডেনক

    ৰাষ্ট্ৰীয়
    আমেৰিকা ভয়াৱহ! ‘কুকুৰনেচীয়া বাঘ’ৰে তুলনা বাইডেনক

    ৱাশ্বিংটনঃ ‘ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত কোনো প্ৰভেদ নাই। তেওঁলোকৰ নীতিত কোনো পাৰ্থক্য নাই। বাইডেন হৈছে কুকুৰনেচীয়া বাঘ।’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক ‘কুকুৰনেচীয়া বাঘ’ বুলি অভিহিত কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনি। ইৰাণৰ নেতাগৰাকীয়ে কাবুল বিমানবন্দৰত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহতসকলৰ বাবে গভীৰ শোকপ্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক কাৰ্য-কলাপৰ বাবে এই কাৰ্য সংঘটিত হোৱা বুলি দাবী নেতাগৰাকীৰ।





    খামেনিয়ে কয়, ‘আফগানিস্তানৰ সংকট আমেৰিকা যুক্তৰাষ্ট্ৰৰে সৃষ্টি। বিগত ২০বছৰ ধৰি দেশখন দখল কৰি আহিছে আমেৰিকাই। আফগানসকলৰ ওপৰত বিভিন্ন অত্যাচাৰৰ বাহিৰে আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত সময়ছোৱাত আফগানিস্তানক আগুৱাই নিয়াৰ বাবে এটাও পদক্ষেপ লোৱা নাই।’






    আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সাংবাদিকে সোধাত খামেনিয়ে কয় যে, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰ কিমান ভয়ানক দেশ সেয়া আফগানিস্তানৰ বৰ্তমানৰ ছবিয়ে সাক্ষ্য বহন কৰিছে। ট্ৰাম্পৰ সৈতে বাইডেনৰ কোনো পাৰ্থক্য নাই। আমি আফগান জনসাধাৰণৰ পক্ষত থিয় দিছো। কিয়নো চৰকাৰ আহিব আৰু যাব, কিন্তু আফগানসকল চিৰকাল জীয়াই থাকিব লাগিব।’