National
A government school teacher in Bihar's Vaishali district was allegedly kidnapped by a "Pakrauwa gang" and forcibly married...
Digital Desk: A shocking incident has rattled Bihar’s Vaishali district as a government sch
মুম্বাই : প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ সমীপত বিস্ফোৰকভৰ্তি গাড়ী ৰখাৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই মহাৰাষ্ট্ৰ আৰক্ষীৰ সহকাৰী পৰিদৰ্শক এজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ লোকজনক শচীন ৱাজে বুলি জানিব পৰা গৈছে।
আৰু পঢ়িব পাৰিব : অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ
মুম্বাইত থকা নিয়াৰ কাৰ্যালয়ত ১২ঘণ্টাৰো অধিক সময় জেৰা কৰাৰ পাছত তেওঁক কালি নিশাই গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় সংস্থাটোৱে। আজি পুৱা পুনৰ তেওঁক জেৰাৰ বাবে নিয়াৰ কাৰ্যালয়লৈ অনা হয়। উল্লেখ্য যে, সন্ত্ৰাসবাদ সম্পৰ্কীয় দুটা গোচৰৰ সৈতে সম্পৰ্ক থকাৰ এণ্টি টেৰ’ৰিজম স্কোৱাড চমুকৈ এটিএছেও তেওঁৰ ওপৰত তদন্ত চলাই আছে।
আৰু পঢ়িব পাৰিব : অগপৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা
ইফালে শিৱসেনাই ৱাজৰ হৈ মাত মাতিছে। শিৱসেনাক মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউতে কয় এই ঘটনাৰ তদন্তত নিয়া জড়িত হোৱাৰ কোনো প্ৰয়োজন নাছিল। উল্লেখ্য যে, মুকেশ আম্বানীৰ ঘৰৰ সমীপত বিস্ফোৰকৰ সৈতে উদ্ধাৰ হোৱা গাড়ীখনত প্ৰখ্যাত উদ্যোগপতিগৰাকীক ভাবুকি দিয়া এখন পত্ৰও উদ্ধাৰ হৈছিল।
Leave A Comment