National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ৱাশ্বিংটনঃ ইৰাণক পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰা বাধা দিয়াৰ কূটনৈতিক প্ৰচেষ্টা বিফল হ'লে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি সতৰ্ক কৰি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত এই মন্তব্য কৰিছে বাইডেনে। ইফালে বৈঠকৰ পাছত ইৰাণ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স্থিতি প্ৰশংসনীয় বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে সদৰী কৰিছে।
লগতে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ অনুমতি নিদিয়াৰো অংগীকাৰ নাফটালি বেনেটৰ। উল্লেখ্য যে, কাবুলত আইছিছৰ বিমান আক্ৰমণৰ বাবে বৈঠকখন ২৪ ঘণ্টা পিছুৱাই দিয়া হৈছিল। হোৱাইট হাউচত অনুষ্ঠিত ৫০ মিনিটৰ বৈঠকৰ পাছত আধাৰিত এখন সংবাদমেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনে সদৰী কৰে যে, ‘আমি প্ৰথমে কূটনৈতিক প্ৰচেষ্টাৰে আগবাঢ়িম, আমাৰ কৰণীয় কি সেই বিষয়ে উনুকিয়াই চাম। অৱশ্যে কূটনৈতিক প্ৰচেষ্টা বিফল হ’লে, আমি অন্য ব্যৱস্থাও ল’বলৈ প্ৰস্তুত।’
Leave A Comment