• উচতনিমূলক মন্তব্য দিয়া মিজো সাংসদক বিচাৰি দিল্লীত আৰক্ষীৰ দল

    ৰাষ্ট্ৰীয়
    উচতনিমূলক মন্তব্য দিয়া মিজো সাংসদক বিচাৰি দিল্লীত আৰক্ষীৰ দল

    নতুন দিল্লী : অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ৰক্তক্ষয়ী পৰিস্থিতিৰ পাছত মিজোৰামৰ এগৰাকী সাংসদে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভেনলাভেনাক জেৰা কৰাৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে অসম আৰক্ষী আৰু চিআইডিৰ এটা দল৷





    উচতনিমূলক মন্তব্য প্ৰদান কৰা মিজোৰামৰ সাংসদ কে ভেনলাভেনাক ৪১ (ক) ধাৰাৰ অধীনত আৰক্ষীৰ আগত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিব দলটোৱে। এই তদন্তৰ বাবে যোৱা অসম আৰক্ষীৰ দলটোক দিল্লী আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।





    অৱশ্যে, এইপৰ্যন্ত সাংসদগৰাকী ক'ত আছে সেই বিষয়ে নিশ্চিত হ’ব পৰা নাই আৰক্ষী। সাংসদগৰাকীৰ নামত থকা বাসগৃহলৈকো আৰক্ষী গৈছিল যদিও তেওঁৰ সন্ধান নাপালে। তদুপৰি, মিজোৰাম হাউছতো তেওঁৰ নামত ৰুম বুক আছে যদিও সাংসদগৰাকীক তাতো পোৱা নগ'ল৷ আৰক্ষীয়ে জাৰি কৰা জাননীত সাংসদ কে ভেনলাভেলাক ঢলাই থানাত হাজিৰ হ'বলৈ জনোৱা হ'ব। CRPC 41 Aৰ অধীনত চমন জাৰি কৰা হৈছে সাংসদগৰাকীৰ বিৰুদ্ধে৷