• উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: সদ্যহতে গ্ৰেপ্তাৰ নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক

    ৰাষ্ট্ৰীয়
    উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: সদ্যহতে গ্ৰেপ্তাৰ নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক

    নতুন দিল্লী: সদ্যহতে গ্ৰেপ্তাৰ কৰা নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক৷ গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীত হোৱা হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি তেওঁলোকে কৰা টুইটক লৈ গোচৰ ৰুজু কৰা হৈছিল৷





    আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…





    গোচৰ সন্দৰ্ভত আটাইকেইজনকে আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও উচ্চতম ন্যায়ালয়ে আজি কোনো এজেঞ্চীক তেওঁলোকক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছে৷ জানিব পৰামতে দুসপ্তাহৰ পাছত পুনৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব৷ আটাইকেইজনকে ৰাষ্ট্ৰদ্ৰোহ, শত্ৰুতাৰ প্ৰচাৰ আৰু অপৰাধী ষড়যন্ত্ৰ সম্পৰ্কীয় আইনৰ অধীনত কৰা টুইটৰ বাবে অভিযুক্ত কৰা হৈছিল।





    আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী





    গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় ৰাজধানীত ট্ৰেক্টৰ ৰেলীৰ সময়ত দিল্লী আৰক্ষীয়ে এজন কৃষকক হত্যা কৰাৰ মিছা অভিযোগেৰে বিভ্ৰান্তিকৰ পোষ্ট দিয়াৰ অভিযোগ তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে পাঁচখন ৰাজ্যত এফআইআৰ দাখিল কৰা হৈছে।