• উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ'নাত আক্ৰান্ত!

    ৰাষ্ট্ৰীয়
    উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ'নাত আক্ৰান্ত!

    নতুন দিল্লী : দেশৰ উচ্চতম ন্যায়ালয়ত ক'ভিড আতংক৷ ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ'নাত আক্ৰান্ত হোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ শুনানি এতিয়াৰেপৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰিব ন্যায়াধীশসকলে।





    আৰু পঢ়িব পাৰিব : সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ’নাত





    দেশত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,৭০,১৯৫ জন লোক৷ দেওবাৰে ভাৰতত মৃত্যু হয় ৯০৪জন লোক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত চিকিৎসাধীন হৈ আছে ১২,০১,০০৯জন আৰু কালিৰ দিনটোত চিকিৎসালয়ৰপৰা যাবলৈ দিয়া হৈছে ৭৫,০৮৬জনক৷





    আৰু পঢ়িব পাৰিব : দিল্লীৰ পৰিস্থিতি ‘বিপদজনক’ : কি ক’লে অৰবিন্দ কেজৰিৱালে?





    উল্লেখ্য যে ২০২০ৰ অক্টোবৰৰ পৰা দেশত কালি সৰ্বাধিক কৰ'না ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমানলৈকে ভেকচিন প্ৰদান কৰা হৈছে ১০,৪৫,২৮,৫৬৫জনক৷