Lifestyle
চামোলি: উত্তৰাখণ্ডৰ হিমবাহ বিষ্ফোৰণে শেষ কৰি দিলে বহুতৰ জীৱন৷ কালি গোটেই নিশা তপোবন টানেলত চলিল উদ্ধাৰ কাৰ্য৷ ধ্বংসস্তুপৰ মাজৰপৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ২৬ জনৰমৃতদেহ৷ স্থানীয় লোকৰ মাজত এতিয়াও বিৰাজ কৰিছে আতংক৷
আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…
তপোবনৰ প্ৰায় ১৯০০ মিটাৰ দীঘল সুৰংগ পথত আৰু লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে৷ আজিও পুৱাৰ ভাগত ২জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ডেৰ শতাধিক লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়৷ উদ্ধাৰকাৰ্যৰ বাবে ইতিমধ্য়ে ২০ কোটি টকা মোকলাই দিয়া হৈছে৷
আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
চিকিৎসালয়ত আহতসকলৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ উদ্দেশ্য়ে মুখ্য়মন্ত্ৰী উপস্থিত হয়৷ ইফালে ঘটনা সন্দৰ্ভত বিভিন্নজনে প্ৰকাশ কৰিছে ভিন্ন মত৷ কোনোৱে মানুহৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ক'ব বিচাৰিছে আৰু কোনো কোনোৱে ভাগ্য়ক ধিয়াই পৰিস্থিতিৰ সন্মুখীন হৈছে৷
Leave A Comment