• উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

    ৰাষ্ট্ৰীয়
    উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

    চামলী: উত্তৰাখণ্ডৰ চামলী অঞ্চলত আজি প্ৰবল বানপানীৰ ফলত ঋষিগংগা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ধাউলি গংগাৰ পাৰত বাস কৰা লোকসকলৰ জীৱন বিপন্ন কৰা বানপানীৰ পাছত প্ৰায় ১৫০ জন লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে ৩ টা মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ





    বানপানীৰ ফলত যোশীমঠ-মালৰী দলং ভাঙি পৰাত যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ বহু ঘৰ উটি যোৱাত নদীৰ কাষৰ বহুতো গাঁৱৰ আৱাসীক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। গংগা নদীৰ কাষৰ অঞ্চল বাবে চুবুৰীয়া উত্তৰ-প্ৰদেশতো এক সতৰ্কতা জাৰি কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?





    ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱতে মানুহক পুৰণি বানপানীৰ ভিডিঅ'ৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আবেদন জনাইছে৷ তদুপৰি সংশ্লিষ্ট সকলো জিলাক সতৰ্ক কৰা হৈছে আৰু মানুহক নদীৰ ওচৰলৈ নাযাবলৈ কোৱা হৈছে।