আন্তঃৰাষ্ট্ৰীয়
নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণে পুনৰ দ্ৰুততা লাভ কৰা দেখা গৈছে। বিগত ২৪ঘণ্টাত এই বছৰটোৰ ভিতৰতে সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। শুকুৰবাৰৰ দিনটোত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২৪,৮৮২।
আৰু পঢ়িব পাৰিব : শিল্পী শৰ্মিষ্ঠাৰ জীৱন ৰক্ষাৰ যুঁজ, সহায়ৰ আহ্বান
বিগত ৮৩ দিনৰ ভিতৰত এয়া এদিনতে চিনাক্ত হোৱা সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত। বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে চিনাক্ত হোৱা সংক্ৰমিতৰ হাৰ ৭শতাংশ অধিক। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ১,১৩,৩৩,৭২৮লৈ বৃদ্ধি পাইছে।
আৰু পঢ়িব পাৰিব : ৰাজ্যত নিৰ্বাচনকেন্দ্ৰীক হিংসা ! প্ৰাৰ্থীক আক্ৰমণ দুৰ্বৃত্তৰ, মৃত্যু এজনৰ
যোৱা ২৪ ঘণ্টাত ১৪০জন আক্ৰান্তৰ মৃত্যু হৈছে। দেশত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৫৮,৪৪৬জনলৈ বৃদ্ধি পাইছে। টিকাকৰণ অভিযান চলি থকাৰ মাজতে দেশত আকস্মিকভাৱে ক’ভিড সংক্ৰমণ বৃদ্ধিৰ ঘটনা উদ্বেগৰ কাৰণ হৈ পৰিছে।
Leave A Comment