• ঋষি বাল্মীকিৰ সৈতে তালিবানৰ তুলনা! উৰ্দু কবিৰ বিৰূদ্ধে ৰুজু গোচৰ

    ৰাষ্ট্ৰীয়
    ঋষি বাল্মীকিৰ সৈতে তালিবানৰ তুলনা! উৰ্দু কবিৰ বিৰূদ্ধে ৰুজু গোচৰ

    লক্ষ্ণৌঃ উৰ্দু কবি মুনাৱাৰ ৰাণাই তালিবানক ৰামায়ণৰ লেখক ঋষি বাল্মীকিৰ সৈতে তুলনা কৰিছে। এক সাক্ষাৎকাৰত সংবাদ মাধ্যমক আগত তেওঁ সদৰী কৰে যে, ‘ৰামায়ণ লেখাৰ পাছত বাল্মীকি ঈশ্বৰ হৈ পৰিছিল। কিন্তু ইয়াৰ পূৰ্বে তেওঁ এজন ডকাইত আছিল। গতিকে, সামগ্ৰিকভাৱে এজন মানুহৰ চৰিত্ৰৰ সলনি হ'ব পাৰে। একেদৰে, তালিবানসকল বৰ্তমান উগ্ৰপন্থী হ'লেও,পৰৱৰ্তী সময়ত তেওঁলোকৰ চৰিত্ৰৰ সলনি হ'ব পাৰে!‘






    উল্লেখ্য যে, এইবাৰেই প্রথম নহয় ইয়াৰ পূৰ্বেও কবিগৰাকীয়ে তালিবানৰ সমৰ্থনত মন্তব্য প্ৰদান কৰিছিল। ভাৰতৰে-আফগানিস্তানৰ সম্পৰ্কৰ প্ৰবোধ দিয়াই তেওঁ সদৰী কৰিছিল যে, ‘তালিবানীক ভয় কৰাৰ কোনো কাৰণ নাই। তেওঁলোক সন্ত্রাসবাদী নহয়। ভাৰতৰ কোনোধৰণৰ ক্ষতি আফগানিস্তানে কৰা নাই। গতিকে, ভাৰতে আফগানিস্তান তথা তালিবানৰ প্ৰসংগত উদ্বিগ্ন হোৱাৰ কিম্বা আতংকিত হোৱাৰ প্ৰশ্নই নুঠে।‘






    এই মন্তব্যৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উৰ্দু কবিগৰাকী। জানিবলৈ পোৱা মতে, ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে তেওঁৰ নামত এজাহাৰো দাখিল কৰিছে সচেতন মহলে। লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ১৫৩এ, ২৯৫এ আৰু ৫০৫(১) (বি) ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।