National
A government school teacher in Bihar's Vaishali district was allegedly kidnapped by a "Pakrauwa gang" and forcibly married...
Digital Desk: A shocking incident has rattled Bihar’s Vaishali district as a government sch
মুম্বাই : চৰকাৰৰ ৰোষত পৰিছে বলীউডৰ অভিনেতা ছনু ছুদ। বুধবাৰে ছনু ছুদৰ মুম্বাইস্থিত বাসভৱনত চলিল আয়কৰ বিভাগৰ তালাচী। দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ এক বিশেষ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োজিত হোৱাৰ পাছতে ছনু ছুদৰ বাসগৃহত চলিল আয়কৰৰ এই তালাচী। অৱশ্যে আম আদমী পাৰ্টীত যোগদান কৰা সম্পৰ্কত ছনু ছুদে নিজৰ স্থিতি স্পষ্ট কৰা নাই।
আনহাতে হঠাতে অভিনেতাগৰাকীৰ বাসভৱনত চলা আয়কৰ বিভাগৰ এই তালাচী কাৰ্যত ক্ষোভিত হৈছে অনুৰাগী।
উল্লেখ্য যে ৪৮ বছৰীয়া ছনু ছুদে কোভিডকালত বহুতৰে বাবে ত্ৰাণকৰ্তা হিচাপে ঠিয় দিছিল। লকডাউনৰ ফলত বিভিন্ন স্থানত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰজনক উদ্ধাৰ কৰি নিজ গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল ছনু ছুদে।
তেওঁৰ এই মহানুভৱতাৰ বাবে সমাদ্ৰিত হৈছিল সমগ্ৰ দেশতে। সেয়েহে ছনুৰ বাসভৱনত আয়কৰৰ অভিযানক সহজে ল’ব পৰা নাই বহুতেই।
Leave A Comment