• একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

    ৰাষ্ট্ৰীয়
    একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

    মুম্বাই : দেশত ভালেমান ৰাজ্যত ক'ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত এটা হোষ্টেলত ১৮৬গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ সংক্ৰমণ৷ লগতে চাৰিগৰাকী শিক্ষকৰ দেহতো ধৰা পৰিছে ক'ভিডৰ উপস্থিতি৷





    আৰু পঢ়িব পাৰিব : খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ…





    ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটোক কনটেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ জানিব পৰা মতে, হোষ্টেলটোত ক'ভিড আক্ৰান্ত শিক্ষাৰ্থীসকলৰ বেছিভাগেই অমৰাৱতী আৰু যাৱতমল জিলাৰ। বিগত সপ্তাহত এই দুয়োখন জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলিও জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : সংগীতজ্ঞ কুল বৰুৱাৰ দেহাৱসান শিলপুখুৰীত…





    ইপিনে, মহাৰাষ্ট্ৰত বুধবাৰে ৮,৮০০গৰাকী ক'ভিড আক্ৰান্ত ধৰা পৰা লগতে ৮০ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে। চাৰিমাহৰ পাছত এদিনতে চিনাক্ত হোৱা এই সংখ্যা হৈছে সৰ্বাধিক৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যখনত কঠোৰভাৱে ক'ভিড প্ৰট’কল বলৱৎ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।