National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লী : দেশত এতিয়া ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰিত হৈছে যদিও ই নিঃশেষ হ’বলৈ হয়তো দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব। শেহতীয়া এটা ছেৰো ছাৰ্ভেত আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। এই অধ্যয়ন অনুসৰি দেশৰ ৪০ কোটিৰো অধিক লোক এতিয়াও ক’ভিডত আক্ৰান্ত হোৱাৰ আশংকা আছে। অধ্যয়নটোত এই কথাও কোৱা হৈছে যে, দেশৰ ছবছৰ বয়সৰ ওপৰৰ প্ৰায় দুই তৃতীয়াংশ লোকৰ বা ৬৭.৬শতাংশৰ দেহত ক’ভিডৰ বিৰুদ্ধে এণ্টিবডী গঠন হৈছে।
দেশে লক্ষ্য অনুসৰি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিততে এই ব্যাপকসংখ্যক লোক ক’ভিডৰ প্ৰতি ভালনাৰেবল হৈ আছে বুলি ধাৰণা কৰিব পাৰি। ইফালে, বিগত ২৪ঘণ্টাত দেশত ক’ভিড সংক্ৰমিত ৩৯,৭৪২জন লোক চিনাক্ত হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৩৫জন লোকৰ। দেশৰ মুঠ সংক্ৰমণৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৩.১৩কোটিলৈ। মৃতৰ মুঠ সংখ্যা বৃদ্ধি পাইছে ৪.২০লাখলৈ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত মুঠ ৪৬লাখ পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইফালে, গুজৰাটত প্ৰথমবাৰৰ বাৰে কোভিডৰ কাপ্পা প্ৰকাৰৰ পাঁচটা সংক্ৰমণ ধৰা পৰিছে। দেশত সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। একেৰাহে ৩৪দিন ধৰি দেশত ক’ভিড সংক্ৰমণৰ হাৰ ৫ শতাংশৰ তলতে আছে আৰু কালিৰ দিনটোত এই হাৰ আছিল ২.২৪শতাংশ।
Leave A Comment