National
নতুন দিল্লী : দেশত পুনৰ ভয়ংকৰ ৰূপ লৈছে ক’ৰনাই৷ বুধবাৰৰ দিনটোত দেশত ক'ভিড আক্ৰান্ত হৈছে ৫৩, ৪৭৬ জন লোক আৰু কালিৰ দিনটোতে মৃত্যু ঘটিছে ২৫১ জন লোকৰ৷ বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত ক'ভিড ৰোগীৰ বৃদ্ধিয়ে পুনৰ শংকাৰ সৃষ্টি কৰিছে৷
আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন
উল্লেখ্য যে যোৱা বৰ্ষত মহামাৰী আৰম্ভ হোৱা সময়ৰ ভিতৰত বুধবাৰে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক এদিনত আক্ৰান্ত হৈছে৷ কেৱল মহাৰাষ্ট্রতে বুধবাৰে আক্ৰান্ত হয় ৩১,৮৫৫জন লোক৷ মুম্বাইত কালিৰ দিনটোতে আক্ৰান্ত ৫ সহস্ৰাধিক লোক৷ ইয়াৰ লগতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ২৫,৬৪,৮৮১টা৷ ইয়াৰ উপৰি গুজৰাটত ১,৭৯০টা নতুন আক্ৰান্ত ধৰা পৰিছে৷
আৰু পঢ়িব পাৰিব : শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে ৫,৩১,৪৫,৭০৯জনক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ বৰ্তমান সক্ৰিয় হৈ আছে ৩,৯৫,১৯২টা ক'ভিড ঘটনা৷
Leave A Comment