• ক'ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

    ৰাষ্ট্ৰীয়
    ক'ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

    নতুন দিল্লী: ক'ভিড-১৯ ভাইৰাছক লৈ ন ন অধ্য়য়ন তথা গৱেষণা অব্য়াহত থকাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য়৷ এক জাৰ্মান গৱেষণা অনুসৰি ক'ভিড-১৯ ৰ সংক্ৰমণে শুক্ৰাণুৰ মান নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে৷





    আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ





    ক'ভিড আক্ৰান্ত প্ৰায় ৮৪ জন পুৰুষৰ ছেম্পল পৰীক্ষা কৰি পোৱা গৈছে যে সংক্ৰমিত লোকসকলৰ শুক্ৰাণু কোষৰ মৃত্যু বৃদ্ধি পাইছে, শুক্রাণুৰ ঘনত্ব হ্ৰাস হৈছে, গতিশীলতা আৰু আকৃতি সলনি হৈছে। গৱেষকসকলৰ মতে শুক্রাণু কোষৰ ওপৰত এই প্ৰভাৱবোৰে শুক্রাণুৰ মান নিম্ন কৰাৰ লগতে প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে৷





    আৰু পঢ়িব পাৰিব : গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু





    জাৰ্মানীৰ জাষ্টছ লাইবিগ বিশ্ববিদ্য়ালয়ৰ বেহজাদ হাজিজাদেহ মালেকি আৰু বখতিয়াৰ তাৰটিবিয়ানে কৰা এই গৱেষণাত ক'ভিড ১৯ৰ প্ৰভাৱত শুক্ৰাণুৰ মানদণ্ড প্ৰভাৱিত হোৱাৰ কথা কোৱা হৈছে যদিও ইয়াৰ ফলত পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস হয় নে নহয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই৷