• কমেডিয়ান মুনাৱৰ ফাৰুকীক অন্তৰৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ

    ৰাষ্ট্ৰীয়
    কমেডিয়ান মুনাৱৰ ফাৰুকীক অন্তৰৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ

    নতুন দিল্লী: এক অনুষ্ঠানত 'হিন্দু দেৱ-দেৱীসকলক অপমান কৰা'ৰ অভিযোগত এমাহতকৈয়ো অধিক সময় ধৰি কাৰাগাৰত থকা ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকীক আজি উচ্চতম ন্যায়ালয়ে অন্তৰৱৰ্তীকালীন জামিন প্ৰদান কৰে৷





    আৰু পঢ়িব পাৰিব : অসম-মেঘালয়ৰ সীমান্তৱৰ্তীবাসীৰ ক্ষোভ, ভোট বৰ্জনৰ সিদ্ধান্ত!





    মুনাৱাৰ ফাৰুকীৰ অধিবক্তাই যুক্তি দিছিল যে ক্ৰিমিনেল ক’ডৰ ধাৰা ৪১ অনুসৰি এজন ব্যক্তিক দণ্ডাধীশৰ আদেশ বা ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰি। উল্লেখ্য যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ মুনাৱাৰ ফাৰুকি জামিন অস্বীকাৰ কৰা হৈছিল। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে তেওঁক ২৮ জানুৱাৰীত জামিন দিবলৈ অস্বীকাৰ কৰিছিল।





    আৰু পঢ়িব পাৰিব : আঞ্চলিক শক্তিৰ মহামিলন : ‘এজেপি-ৰাইজৰ দল’ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন





    ২৯ বছৰীয়া কৌতুক অভিনেতাজনক ১ জানুৱাৰীত ইন্দোৰত এটা অনুষ্ঠান সম্পৰ্কত এজন বিজেপি বিধায়কৰ সন্তানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ লগতে আন চাৰিজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। এজন বিজেপি বিধায়কৰ পুত্ৰ একলব্য সিং গৌৰৰ অভিযোগ অনুসৰি তেওঁলোক সকলোৰে বিৰুদ্ধে হিন্দু দেৱ-দেৱীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিষয়ে 'অকথ্য আৰু অভব্য কৌতুক' কৰাৰ অভিযোগ দাখিল কৰা হৈছিল।