International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
কাবুলঃ চৰম বিশৃংখলতাৰ মাজতে পুৱা কাবুল বিমানবন্দৰৰ উত্তৰ গেটত আফগান নিৰাপত্তাৰক্ষী আৰু অচিনাক্ত দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মান সৈন্য ঘটনাস্থলীলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। ঘটনাস্থলীত এজন আফগান নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকসহ আন তিনিজন আহত হয়।
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ তাৎক্ষণিকভাৱে জনোৱা হোৱা নাছিল। জাৰ্মান সেনাৰ টুইটাৰ হেণ্ডেলৰ পৰা বহু পলমকৈ ঘটনাটো পোহৰলৈ অনা হৈছিল। হামিদ কাৰজাই বিমানবন্দৰত আইএছৰ আক্ৰমণৰ আশংকাৰ মাজত শেহতীয়া ঘটনাটোৱে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পূৰ্বেই কাবুল বিমানবন্দৰত আক্ৰমণৰ আশংকাৰ কথা প্ৰকাশ কৰিছিল। আই এছৰ ভাবুকিৰ বাতৰি বিয়পি পৰাৰ লগে লগে আফগানিস্তানৰ ৰাজধানী কাবুলৰ বিমানবন্দৰত আতংক বিয়পি পৰাৰ মাজতে ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাৰ পাছতে সস্তম হৈ পৰিছে সামৰিক বাহিনী।
Leave A Comment