• কাবুল বিমানবন্দৰৰ বাহিৰত আত্মঘাতী আক্ৰমণঃ নিহত ১১

    ৰাষ্ট্ৰীয়
    কাবুল বিমানবন্দৰৰ বাহিৰত আত্মঘাতী আক্ৰমণঃ নিহত ১১

    কাবুলঃ কাবুল বিমানবন্দৰৰ বাহিৰত সংঘটিত এক আত্মঘাতী আক্ৰমণত শিশু আৰু বিদেশী নাগৰিকসহ ১১জন লোক নিহত হৈছে। বিস্ফোৰণটোত একাংশ তালিবান নিৰাপত্তাৰক্ষীও আহত হোৱাৰ দাবী তালিবানী সংগঠনটোৰ। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া বিস্ফোৰণটো সংঘটিত হৈছিল। অৱশ্যে, কোনে এই আক্ৰমণ চলাইছে সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই।






    কাবুল বিমানবন্দৰৰ আবি প্ৰৱেশদ্বাৰত ঘটনাতো সংঘটিত হোৱা বুলি পেন্টাগনৰ মুখপাত্ৰ জন কাৰ্বিয়ে টুইটাৰযোগে সদৰী কৰিছে। ইয়াৰ পূৰ্বে কাবুল বিমানবন্দৰৰ আন তিনিখন প্ৰৱেশদ্বাৰত আক্ৰমণৰ আক্ৰমণৰ আশংকা কৰা হৈছিল। তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি উক্ত স্থানত কমেও ২টা বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, বিস্ফোৰণটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকো আহত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী জেমছ হেপ্পীয়ে কাবুল বিমানবন্দৰত কেইঘণ্টামানৰ ভিতৰতে ‘ভয়ংকৰ’ আক্ৰমণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰাৰ পাছতে আক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে।