Entertainment
কলকাতা : ক'ভিডৰ দ্বিতীয় ঢৌৰ লগত মোকাবিলা কৰি তৃতীয় ঢৌৰ শংকাত থকা ভাৰতে এতিয়ালৈ প্ৰায় ৬৭.৬৫ কোটি পালি ক'ভিড টিকা প্ৰদান কৰিছে। সমগ্ৰ দেশবাসীকে ক'ভিড ভেকচিন ল'বলৈ বিভিন্ন ধৰণে অনুৰোধ তথা অনুপ্ৰাণিত কৰি থকাৰ মাজতে এক বিশেষ কাৰণত ভেকচিন বিমুখ হ'ল এজন যুৱক। পশ্চিমবংগৰ এজন যুৱকে ভেকচিনেশ্যন চেণ্টাৰলৈ গৈ তবধ মানে যেতিয়া তেওঁক ক'ভিডৰ টিকা লোৱাত বাধা আৰোপ কৰা হয়। ঘটনাটো সংঘটিত হয় দক্ষিণ ২৪ পৰগনাৰ বোৰালৰ এক ভেকচিনেশ্যন চেণ্টাৰত।
শীৰ্ষা নাথ পণ্ডিত নামৰ যুৱকজনে মাতৃৰ সৈতে ৰাজপুৰ-সোণাৰপুৰ পৌৰনিগমৰ কাৰ্যালয়লৈ ক'ভিড ভেকচিন ল'বলৈ গৈছিল। শীৰ্ষাই এটা ভিন্নৰঙী হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰি গৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে কাৰ্যালয়টোৰ পৌৰকৰ্মীয়ে শীৰ্ষাক তেওঁ পৰিধান কৰা পোছাকৰ বাবে ভেকচিন কেন্দ্ৰত প্ৰৱেশৰ অনুমতি নিদিলে। যুৱকজনে পৌৰকৰ্মীসকলক বুজাবলৈ চেষ্টা কৰিছিল যে ভেকচিন লোৱাটো তেওঁৰ অধিকাৰ আৰু তাৰ বাবে পোছাক সম্বন্ধীয় কোনো নিৰ্দেশনা নাই।
কিন্তু আঁকোৰগোজ পৌৰকৰ্মীয়ে শীৰ্ষাক কোনোপধ্যে প্ৰৱেশৰ অনুমতি নিদিলে। পাছত তেওঁ বিভাগীয় বিষয়াক ঘটনাটো দৃষ্টিগোচৰ কৰায়। ৰাজপুৰ-সোণাৰপুৰ পৌৰনিগমৰ অধ্যক্ষ পল্লৱ দাসে জনায় যে, ঘটনাটো তেওঁৰ অৱগত নাছিল যদিও হাফপেণ্ট পৰিহিতক ভেকচিন নিদিবলৈ কোনো নিৰ্দেশনা তেওঁলোকৰ তৰফৰ পৰা দিয়া হোৱা নাই। ৰাজ্যিক স্বাস্থ্য সচিব নাৰায়ণস্বৰূপ নিগমে ঘটনা সন্দৰ্ভত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
Leave A Comment