• কিশোৰ-কিশোৰীৰ বাবেও সাজু ক’ভিড প্ৰতিষেধক, ছেপ্টেম্বৰৰ পৰা টিকাকৰণ!

    ৰাষ্ট্ৰীয়
    কিশোৰ-কিশোৰীৰ বাবেও সাজু ক’ভিড প্ৰতিষেধক, ছেপ্টেম্বৰৰ পৰা টিকাকৰণ!

    নতুন দিল্লী : ক’ভিডবিৰোধী যুঁজত আন এক মাত্ৰ দিয়াৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। এইবাৰ কিশোৰ-কিশোৰীৰ বাবেও সাজু কৰা হৈছে ক’ভিড প্ৰতিষেধক। তৃতীয় লহৰ অহাৰ আশংকা আৰু এই লহৰে শিশু-কিশোৰক অধিক আক্ৰান্তৰ কৰিব বুলি সতৰ্কবাণী প্ৰকাশ পাই থকাৰ সময়তে ১২ৰ পৰা ১৮বছৰৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবেও সাজু কৰা হৈছে ক’ভিড প্ৰতিষেধক।





    এতিয়া ১৮ৰ ঊৰ্ধ্বৰ লোকসকলকহে টিকাকৰণৰ আওঁতালৈ অনা হৈছে যদিও দেশে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে সাজু হৈছে। অহা ছেপ্টেম্বৰ মাহৰ পৰা ১২ৰ পৰা ১৮ বছৰৰ কিশোৰসকলক প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰতিষেধক প্ৰদানৰ বাবে গঠিন ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী এন কে অৰোৰাই। জাইডাছ প্ৰতিষেধকেৰে এই বয়সৰ কিশোৰ-কিশোৰীৰ টিকাকৰণ কৰা হ’ব বুলি অৰোৰাই প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, এসপ্তাহৰ ভিতৰতে জাইডাছ প্ৰতিষেধৰ জৰুৰী ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰা হ’ব।





    ইফালে, দেশত আজিলৈকে মুঠ ৩৬.৮৯ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। আনহাতে, বিগত ২৪ঘণ্টাত দেশত ৪৩,৩৯৩জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৯১১জন আক্ৰান্তৰ। সংক্ৰমণৰ হাৰ হৈছে ২,৪২ শতাংশ। আৰোগ্যৰ হাৰ ৯৭.১৯শতাংশলৈ বৃদ্ধি পাইছে।