• কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

    ৰাষ্ট্ৰীয়
    কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

    মুম্বাই : অমিতাভ বচ্চন অসুস্থ আৰু তেওঁৰ এক অস্ত্ৰোপচাৰ কৰা হ’ব। এই খবৰে ব্যাপকভাৱে উদ্বিগ্ন কৰি তুলিছিল তেওঁৰ অগণন অনুৰাগীক। কিয়নো তাৰকাগৰাকীৰ কিধৰণৰ অস্ত্ৰোপচাৰ কৰা হ’ব সেইকথা প্ৰকাশ কৰা নাছিল তাৰকাগৰাকীয়ে। অৱশেষত ছুপাৰষ্টাৰ বচ্চনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰা অনুৰাগীসকলৰ উৎকণ্ঠাৰ অৱসান ঘটিছে।





    আৰু পঢ়িব পাৰিব : বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা…!





    ‘বিগ বি’ৰ অস্ত্ৰোপচাৰ হোৱাৰ খবৰে উদ্বিগ্ন কৰি ৰাখিছিল অনুৰাগীসকলক। আজি এই উৎকণ্ঠাৰ অৱসান ঘটাই ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহাতাৰকাগৰাকীয়ে প্ৰকাশ কৰিছে যে, তেওঁৰ চকুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। তেওঁ এতিয়া সুস্থ বুলিও অনুৰাগীসকলক উদ্দেশ্যি তেওঁ প্ৰকাশ কৰিছে।





    আৰু পঢ়িব পাৰিব : জিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ





    তেওঁ আজি প্ৰকাশ কৰিছে যে, ‘মোৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা আৰু শুভেচ্ছা জ্ঞাপন কৰা সকলোকে মই ধন্যবাদ জনাইছোঁ। এই বয়সত চকুৰ অস্ত্ৰোপচাৰ কৰাটো অতি স্পৰ্শকাতৰ আৰু ইয়াৰ বাবে অতি নিখুঁট আপদালৰ প্ৰয়োজন। যথাসম্ভৱ শ্ৰেষ্ঠতমখিনি কৰা হৈছে আৰু আশা কৰিছোঁ সকলো ভাল হ’ব।’