National
নতুন দিল্লীঃ যিটো সময়ত সমগ্ৰ বিশ্বই ক’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দি আছে তেনে সময়তে উত্তৰাখণ্ডৰ কুম্ভমেলাত সংঘটিত হোৱা আচৰ্যজনক ঘটনা পোহৰলৈ আহিছে। ক’ভিড-১৯ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত ধন ৰপ্তানিৰ অভিযোগত প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে ৫জন ডায়গ’নষ্টিক ফাৰ্মৰ শীৰ্ষ বিষয়াসকলৰ বাসগৃহ আৰু কাৰ্যালয়ত অনুসন্ধান চলাইছিল। উত্তৰাখণ্ড আৰক্ষীৰ দ্বাৰা উক্ত গোচৰ ৰুজু হোৱাৰ পাছত প্ৰৱৰ্তন সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল। কুম্ভ মেলাৰ সময়ত এণ্টিজেন পৰীক্ষা আৰু আৰটি-পিচিআৰ পৰীক্ষা বাবে উত্তৰাখণ্ড চৰকাৰে এই পৰীক্ষাগাৰসমূহক চুক্তি প্ৰদান কৰিছিল। অভিযোগ অনুসৰি তেওঁলোকে প্ৰয়োজনীয় সংখ্যক পৰীক্ষা কৰা নাছিল, কিন্তু ক’ভিড পৰীক্ষাৰ নামত ভুৱা প্ৰবৃষ্টি আৰু বিল উত্থাপন কৰিছিল।
তদন্তকাৰী সংস্থাটোৱে সদৰী কৰে যে, ক’ভিড পৰীক্ষাৰ নামত কুম্ভমেলাৰ উক্ত স্থান পৰিদৰ্শন কৰা নাছিল। আনকি যিটো সময়ত হৰিদ্বাৰত পজিটিভি়টীৰ হাৰ ৫.৩শতাংশ আছিল সেই সময়ত ০.১৮ শতাংশৰহে তথ্য প্ৰকাশ কৰা হৈছিল। শেহতীয়াকৈ প্ৰৱৰ্তন সঞ্চালকালয়ে অভিযুক্তৰ আপত্তিজনক নথিপত্ৰ, ভুৱা বিল, লেপটপ, মোবাইল ফোন আৰু সম্পত্তিৰ নথি-পত্ৰও জব্দ কৰিছে। উল্লেখযোগ্য যে, অনুসন্ধান সংস্থাটোৱে অভিযান চলাই থকা কোম্পানীবোৰ হৈছে ন’ভাছ পেথ লেব, ডিএনএ লেব, মেক্স কৰ্পোৰেট ছাৰ্ভিছেছ, ড০ লাল চান্দানি লেবচ আৰু নলৱা লেবৰেটৰী।
Leave A Comment