Spiritual
নতুন দিল্লী : কৃষি আইন বাতিলৰ দাবীত পুনৰ ২৬ মাৰ্চত ভাৰত বন্ধ ঘোষণা কৰিছে প্ৰতিবাদী কৃষকে। শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। ভাৰত বন্ধৰ সময়ছোৱাত সমগ্ৰ দেশতে ৰে’ল চলাচল, বজাৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।
আৰু পঢ়িব পাৰিব : আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ
ইয়াৰ উপৰি বন্ধৰ দিনটোত কেইবাখনো ৰাজ্যত গাখীৰ আৰু শাক-পাচলিৰ যোগান বন্ধ হোৱাৰ সম্ভাৱনা আছে। কৃষক সংগঠনসমূহে ভাৰত বন্ধ ঘোষণা কৰাৰ লগতে পঞ্জাবত কৃষকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচীও ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।
আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !
কৃষক সংগঠনসমূহে ৰাইজক শুকুৰবাৰৰ দিনটোত ১২ঘণ্টাৰ বাবে নিজৰ দোকান আৰু কাৰ্যালয় বন্ধ ৰাখিবলৈ আহ্বান জনায়৷
Leave A Comment