• কেজৰিৱাল চৰকাৰৰ ডিজিটেল পদক্ষেপ, ঘৰে ঘৰে গণেশ চতুৰ্থীৰ আৰতি

    ৰাষ্ট্ৰীয়
    কেজৰিৱাল চৰকাৰৰ ডিজিটেল পদক্ষেপ, ঘৰে ঘৰে গণেশ চতুৰ্থীৰ আৰতি

    ডিজিটেল ডেস্ক : দেশত এতিয়াও অব্যাহত ক’ভিড ১৯ মহামাৰীৰ বিভীষিকা। অৱশ্যে দৈনিক আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও দেশবাসীয়ে এতিয়াও এই মহামাৰীৰ বাবে শংকিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

    দিল্লীত আজি গণেশ চতুৰ্থীৰ উপলক্ষে সন্ধিয়া যি ৰীতি-নীতি আয়োজন কৰিব সেই সকলোবোৰ অনুষ্ঠান পোনপটীয়াকৈ নিৰ্দিষ্ট কেইটামান চেনেলত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব, যাতে সকলোৱে নিজৰ ঘৰতে থাকি গণেশ চতুৰ্থীৰ মাংগলিক কাৰ্যসূচীত অংশ ল'ব পাৰে। উল্লেখ্য যে, দিল্লীৰ দুৰ্যোগ-বৱস্থাপনা বিভাগে ক’ভিড মহামাৰীৰ বাবে সকলোধৰণৰ জনসমাগম নিষিদ্ধ কৰি ৰাখিছে তেনেস্থলত কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ প্ৰতি দিল্লীবাসীয়ে সমৰ্থন জনাইছে।


    কেজৰিৱালে কয় যে, ‘ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই আৰু ইয়াৰ কাৰণে আমাৰ সকলোৰে সহযোগিতা লাগিব। জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে সামূহিক উৎসৱ পতাৰ অনুমতি দিব পৰা নাই, সেয়েহে আমি ঘৰে ঘৰে সম্প্ৰচাৰ হোৱাকৈ গণেশ আৰতিৰ আয়োজন কৰিছোঁ আৰু সকলো লোককে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।’
    সন্ধিয়া ৭ বজাৰ পৰা সম্প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানটোত মুখ্যমন্ত্ৰী কেজৰিৱালসহ চৰকাৰৰ সকলো মন্ত্ৰী-বিষয়াই অংশগ্ৰহণ কৰিব লগতে জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱেন আৰু সুৰেশ ৱাডকাৰে সংগীত পৰিৱেশন কৰিব।