Lifestyle
কাবুলঃ তালিবানে আফগানিস্তানৰ কেন্দ্ৰীয় বেংকত এজন নতুন গৱৰ্ণৰ নিযুক্ত কৰিছে। হাজী মহম্মদ ইদ্ৰিছক নিযুক্তি দিছে তালিবানে। এতিয়াৰেপৰা হাজী মহম্মদ ইদ্ৰিছে আফগানিস্তান বেংকৰ নতুন গৱৰ্ণৰ হিচাপে কাম কৰিব। তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে টুইটাৰযোগে এই কথা সদৰী কৰিছে।
তালিবানৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি হাজী মহম্মদ ইদ্ৰিছ উত্তৰ প্ৰদেশ জাৱাজানৰ বাসিন্দা। তেওঁৰ পুৰণি তালিবান নেতা মোল্লা আখটাৰ মনচুৰৰ সৈতে বিত্তীয় বিষয়ত কাম কৰাৰ অভিজ্ঞতা আছে। মোল্লা আখটাৰ ২০১৬ চনত এটা ড্ৰোন আক্ৰমণত নিহত হৈছিল।
উল্লেখ্য যে, তালিবানে আফগানিস্তান দখল কৰাৰ পাছত, আফগানিস্তানৰ কেন্দ্ৰীয় বেংকৰ একাউণ্ট স্থগিত ৰখা হৈছিল। বেংক সেৱাও স্থগিত ৰখা হৈছিল।
এই অস্বাভাৱিক পৰিস্থিতিৰ বাবে আশ্ৰাফ ঘানিয়ে আফগান চৰকাৰক দোষাৰোপ কৰিছিল যদিও তালিবাৰ ওচৰত সহজ পৰাজয় স্বীকাৰ কৰিছিল ঘানিয়ে। পৰৱৰ্তী সময়ত দেশখনৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ আজমল আহমদৰ সৈতে আশ্ৰফ ঘানিয়ে আফগানিস্তানৰ পৰা পলায়ন কৰিছিল। জনিবলৈ পোৱা মতে, তালিবানে কাবুল দখল কৰাৰ দিনাই আজমল আহমেদে ১৫ আগষ্টত আফগানিস্তান ত্যাগ কৰিছিল। দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা বুলি অৱগত হোৱাৰ পাছত দেশত্যাগৰ সিদ্ধান্ত লৈছিল বুলি তেওঁ জানিবলৈ দিছে।
Leave A Comment