• কোভিড পৰিস্থিতি : ছখন ৰাজ্যলৈ কেন্দ্ৰৰ বিশেষজ্ঞ

    ৰাষ্ট্ৰীয়
    কোভিড পৰিস্থিতি : ছখন ৰাজ্যলৈ কেন্দ্ৰৰ বিশেষজ্ঞ

    নতুন দিল্লী : দেশৰ ছখন ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আজি এই ছখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে ছটা উচ্চস্তৰীয়, মাল্টি ডিচিপ্লিনেৰী জনস্বাস্থ্য বিশেষজ্ঞৰ গোট।





    কেৰালা, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ওড়িশা, চত্তিছগড় আৰু মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে বিশেষজ্ঞৰ দল। এই বিশেষজ্ঞৰ দলসমূহে ৰাজ্যকেইখনৰ কোভিড পৰিস্থিতিৰে মোকাবিলা কৰা তথা কণ্টেইনমেণ্ট নীতি আদি নিৰ্ধাৰণ কৰাৰ দিশত সংশ্লিষ্ট ৰাজ্যৰ স্বাস্থ্য বিভাগক সহায় কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি এইকতা প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ে সদৰি কৰে যে, এই দলকেইটাই ৰাজ্য চৰকাৰে কোভিড ব্যৱস্থাপনাৰ দিশত সন্মুখীন হোৱা সমস্যাবোৰ পোনপটীয়াকৈ বিশ্লেষণ কৰিব আৰু বিভিন্ন বাধা-নিষেধ আঁতৰ কৰাৰ জৰিয়তে ৰাজ্যসমূহৰ প্ৰয়াসৰ অধিক তৰান্বিত তথা শক্তিশালী কৰি তুলিব। দুজনীয়া এই গোটকেইটাত একোজন ক্লিনিকেল আৰু একোজন ৰাজহুৱা স্বাস্থ্য বিশেষজ্ঞ আছে।