• কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে

    ৰাষ্ট্ৰীয়
    কোভিশ্বিল্ডৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিলে ছেৰাম ইনষ্টিটিউটে

    নতুন দিল্লী : প্ৰতিপালিত ৪০০ টকাকৈ কোভিশ্বিল্ড ক্ৰয় কৰিব লাগিব ৰাজ্যসমূহে। আনহাতে বেচৰকাৰী চিকিৎসালয়ৰ কাৰণে কোভিশ্বিল এপালিৰ দাম হ’ব ৬০০টকা। কোভিশ্বিল্ড প্ৰস্তুতকাৰী ছেৰাম ইনষ্টিটিউটে এইকথা প্ৰকাশ কৰিছে। ১৮ৰ ওপৰৰ সকলো লোককে ক’ভিড প্ৰতিষেধক প্ৰদানৰ বিষয়ে কেন্দ্ৰই ঘোষণা কৰাৰ পাছতে এই তথ্য প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে। ১ মে’ৰ পৰা তৃতীয় পৰ্যায়ত ১৮ৰ ঊৰ্ধ্বৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰাৰ কথা।





    আৰু পঢ়িব পাৰিব:ক’ভিড সংকট : চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰিয়ংকাৰ





    আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিপালিত ১৫০টকাকৈ দামতে লাভ কৰি থাকিব কোভিশ্বিল্ড। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চিকিৎসালয় তথা প্ৰতিষ্ঠানৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰাটো অধিক কম খৰচী হ’ব। ছেৰাম ইনষ্টিটিউটে প্ৰকাশ কৰিছে যে, ইয়াৰ পাছতো বিদেশী প্ৰতিষেধকৰ তুলনাত কম খৰচী হ’ব দেশীয় ক’ভিড প্ৰতিষেধক।





    আৰু পঢ়িব পাৰিব:বন বিভাগৰ অভিযানঃ জব্দ অগৰুভৰ্তি ট্ৰাক





    চৰকাৰৰ নতুন নীতি অনুসৰি বিদেশৰ পৰা ৰপ্তানি কৰা প্ৰতিষেধক প্ৰতিপালিত ৭৫০ৰপৰা ১৫০০টকাত ক্ৰয় কৰিব লাগিব। ৫০ শতাংশ প্ৰতিষেধক কেন্দ্ৰৰ হাতত মজুত থাকিম আৰু বাকীখিনি ৰাজ্যসমূহ আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত ভগাই দিয়া হ’ব।