Regional
কানপুৰঃ দেশৰ শীৰ্ষ ধন্যান্তৰ লোকে কৰফাঁকিৰে পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ় দিয়া বাতৰি সততে শুনিবলৈ পোৱা যায়। কৰফাঁকি দিয়াৰ অপৰাধত বহু লোকে জৰিমনা ভৰাৰ উপৰি কাৰাবাসো খাটিবলগীয়া হৈছে। শেহতীয়াকৈ তেনে এক কৰফাঁকিৰ ঘটনাই প্ৰচাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। এয়া সমাজৰ কোনো বৰমুৰীয়াৰ কাহিনী নহয়, কৰফাঁকিৰে খুচুৰা ব্যৱসায়ীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। চাহ-চিঙৰা বিক্ৰীৰে কোটিপতি দেশৰ কেইবাগৰাকী ব্যক্তি।
খুচুৰা ব্যৱসায়ত জড়িত ২৫০ গৰাকী ব্যক্তিৰ বেংকত কোটি-কোটি টকা জমা আছে বুলি ভাৰতীয় গণমাধ্যমৰ এক প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে। প্ৰতিবেদনত প্ৰকাশিত তথ্যই হতচকিত কৰি তুলিছে সচেতন নাগৰিকক। উত্তৰ-প্ৰদেশৰ কানপুৰৰ আয়কৰ বিভাগৰ তদন্তত এইকথা পোহৰলৈ আহিছে। তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, ‘বছৰৰ পাছত বছৰ ধৰি খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত এইসকল কোটিপতি। তেওঁলোকৰ কোনোধৰণৰ ব্যৱসায়িক প্ৰমাণ-পত্ৰ নাই। গতিকে, তেওঁলোকে আয়কৰ দিব নালাগে। বছৰত এটকাও কৰ প্ৰদান নকৰা এইসকল খুচুৰা ব্যৱসায়ীৰ ভাৰতীয় খাদ্য সুৰক্ষা তথা নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰো কোনোধৰণৰ প্ৰমাণ-পত্ৰ নাই’ বুলি সদৰী কৰিছে। উল্লেখ্য যে, কৰফাঁকিৰে এইসকল খুচুৰা ব্যৱসায়ীয়ে বৈধ-অবৈধ বহু কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া বুলিও তদন্তই দাবী কৰিছে।
Leave A Comment