• কৰ’নাই কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোডীৰ আত্মীয়ক...

    ৰাষ্ট্ৰীয়
    কৰ’নাই কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোডীৰ আত্মীয়ক...

    আহমেদাবাদ : কৰ’নাৰ ভয়ংকৰ সংক্ৰমনে দেশত সৃষ্টি কৰিছে গুৰুতৰ সংকটৰ। এদিনতে মৃত্যু হৈছে তিনি সহস্ৰাধিকৰ। এইবাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ খুড়ীয়েক নৰ্মদাবেন মোডীয়ে। মৃত্যুৰ ১০দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল নৰ্মদাবেন মোডীক।





    আৰু পঢ়িব পাৰিব : দুটাকৈ অক্সিজেন প্লান্ট মুকলি অসম মেডিকেল কলেজত





    প্ৰধানমন্ত্ৰীৰ সহোদৰ প্ৰহ্লাদ মোডীয়ে জনাইছে যে, আমাৰ খুড়ী নৰ্মদাবেন মোডীক ১০দিন পূৰ্বে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল। ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁক। আজি তেওঁৰ চিকিৎসালয়ত মৃত্যু ঘটিছে।





    আৰু পঢ়িব পাৰিব : নতুন আইন : কেন্দ্ৰৰ হাতৰ পুতলাত পৰিণত দিল্লীৰ কেজৰিৱাল চৰকাৰ





    ইফালে, অধিক ক্ষিপ্ৰতাৰে দেশত বৃদ্ধি পাইছে ক’ভিজ সংক্ৰমণ। বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩লাখ ২৩হাজাৰ ১৪৪জনৰ। মৃত্যু ঘটিছে ২৭৭১জনৰ। কৰ’নাৰ দ্ৰুত সংক্ৰমণত স্তব্ধ হৈ পৰিছে জনজীৱন। আমেৰিকাতকৈয়ো বিভীষিকাময় পৰিস্থিতি এতিয়া ভাৰতত। বিশেষজ্ঞ মহলে সদৰি কৰা মতে চলিত মাহতে আমেৰিকাক চেৰ পেলাই ভাৰতে শীৰ্ষ স্থান দখল কৰিব।