• কৰ’নাকৈ অধিক শক্তিশালী মু ভাইৰাছ: বিশ্ব স্বাস্থ্য সংন্থাৰ সতৰ্কবাণী

    ৰাষ্ট্ৰীয়
    কৰ’নাকৈ অধিক শক্তিশালী মু ভাইৰাছ: বিশ্ব স্বাস্থ্য সংন্থাৰ সতৰ্কবাণী

    নতুন দিল্লী: কৰ’নাৰ ত্ৰাসত সমগ্ৰ বিশ্ব তথা দেশ৷ এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই আন এক ভয়ংকৰ প্ৰতিবেদন আগবঢ়াইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা প্ৰতিবেদন অনুসৰি, তেওঁলোকে মু নামৰ এটা নতুন কৰ’না ভাইৰাছৰ প্ৰকাৰ নিৰীক্ষণ কৰি আছে৷ যাক প্ৰথমবাৰৰ বাবে বিগত জানুৱাৰী মাহত কলম্বিয়াত চিনাক্ত কৰা হৈছিল।

    বিশ্বস্বাস্থ্য সংস্থাটোৱে মঙলবাৰে ইয়াৰ সাপ্তাহিক মহামাৰী বুলেটিনত কয় যে, বৈজ্ঞানিকভাৱে বি.1.621 নামেৰে জনাজাত মুক আগ্ৰহৰ প্ৰকাৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।

    লগতে তওঁলোকে প্ৰকাশ কৰে যে, এই প্ৰকাৰটোত পৰিৱৰ্তন আছে যি ভেকচিনৰ প্ৰতি প্ৰতিৰোধৰ আশংকা সূচায়৷ কিন্তু কৰ’না ভাইৰাছৰ এই নতুন ৰূপটোক ভালদৰে বুজিবলৈ পৰৱৰ্তী অধ্যয়নৰ প্ৰয়োজন বুলি উল্লেখ কৰে সংন্থাটোৱে।