• কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত ভাৰত !

    ৰাষ্ট্ৰীয়
    কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত ভাৰত !

    নতুন দিল্লী : কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈ পৰিছে ভাৰত৷ দেশত প্ৰতিদিনে লক্ষাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ৩ লাখ ২৩ হাজাৰ ১৪৪জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ২,৭৭১জন লোকৰ৷





    আৰু পঢ়িব পাৰিব : বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত…





    ইপিনে উত্তৰ প্ৰদেশ, কৰ্ণাটকত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ৷ উত্তৰ প্ৰদেশত ৩৭ হাজাৰৰো অধিক লোক আক্ৰান্ত, কৰ্ণাটকত ২৯ হাজাৰ আক্ৰান্ত হয়৷ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আজিৰেপৰা কৰ্ণাটকত ১৪দিনীয়া লকডাউন জাৰি কৰা হৈছে৷ মহাৰাষ্ট্রতো আক্ৰান্ত হৈছে ৬৭ হাজাৰৰো অধিক লোক৷





    আৰু পঢ়িব পাৰিব : পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব





    ইপিনে দেশত এতিয়ালৈকে মুঠ ১৪,৫১,৭১,১৮৬ জনক প্ৰদান কৰা হৈছে ভেকচিন৷