• কৰ’নাৰ বিভীষিকাঃ ২৪ ঘণ্টাত অসমত মৃতকৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি

    ৰাষ্ট্ৰীয়
    কৰ’নাৰ বিভীষিকাঃ ২৪ ঘণ্টাত অসমত মৃতকৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি

    গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো কৰ’নাই গ্ৰাস কৰিছে। ২৪ ঘণ্টাত দেশত পুনৰ ৪ লক্ষাধিক আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত আক্ৰান্তৰ মুঠ সংখ্যা ৪,০১,৩২৬ জনৰ বিপৰীতে মৃতকৰ সংখ্যা ৪,১৯৪ জন।





    আৰু পঢ়িব পাৰিব : অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন





    এদিনতে মৃতকৰ এই সংখ্যা বৰ্তমালৈ সৰ্বাধিক। মহাৰাষ্ট্র-কেৰালা-উঃ প্ৰদেশ-তামিলনাডু-দিল্লীত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে।





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত






    ইফালে ক্ৰমাৎ শোচনীয় হৈছে অসমৰ ক’ভিড পৰিস্থিতি। কালিৰ দিনটোত আক্ৰান্ত হৈছে ৫,৬২৬ জন। কেৱল কামৰূপ (মঃ)তে আক্ৰান্ত হৈছে ১,৫৫১ গৰাকী। ২৪ ঘণ্টাত ৰাজ্যত মৃতকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি হৈছে।