Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ডিজিটেল ডেস্ক: কৰ’নাত আক্ৰান্ত অৱস্থাত যদিহে এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰে তেন্তে তেওঁক কৰ’নাত মৃত বুলি গণ্য কৰা হ’বনে নাই?
স্বাস্থ্য মন্ত্ৰণালয়ে আদালতত দাখিল কৰা নিৰ্দেশনাৱলীত স্পষ্ট কৰি দিছিল যে কোনো লোকে যদিহে কৰ’নাত ভুগি আত্মহত্যা কৰে তেন্তে তেওঁক কৰ’নাত মৃত বুলি গণ্য কৰা নহ’ব। কিন্তু সোমবাৰে কেন্দ্ৰক নিজৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনায় উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ বোপান্নাই ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক জনায় যে চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰবাৰ বিবেচন কৰা দৰকাৰ। ভৱিষ্যতৰ অনিশ্চয়তাৰ দুশ্চিন্তাৰ চাপ সহিব নোৱাৰি যদিহে কোনো কৰ’না আক্ৰান্তই আত্মহত্যা কৰে তেন্তে তেওঁক কি যুক্তিত কৰ’নাত মৃত হিচাপে ঘোষণা কৰা নহ’ব বুলিও প্ৰশ্ন কৰে বিচাৰপীঠে।
আনহাতে ক’ৰ’না আক্ৰন্তক ক্ষতিপুৰণ প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ বাবেও যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ভৎসনা কৰিছিল কেন্দ্ৰীয় চৰকাৰক।
Leave A Comment