• কৰ'নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

    ৰাষ্ট্ৰীয়
    কৰ'নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

    গুৱাহাটী : দেশত কালৰূপ লৈছে কৰ’নাই৷ কালিৰ দিনটোত পুনৰ ২ লক্ষাধিক লোক আক্ৰান্ত হয় কৰ'নাত৷ আক্ৰান্তৰ সংখ্যা ২ লাখ ৩৪ হাজাৰ জন৷ কালিৰ দিনটোত মৃত্যু হয় ১,৩৩৮ জন লোকৰ৷ দেশত কৰ’নাত মৃতকৰ সংখ্যা ১,৭৫,৬৭৩লৈ বৃদ্ধি হয়৷





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণৰ নতুন পথৰ সন্ধান লাভ কৰিছে গৱেষকে…





    অসমটো বিপজ্জনকভাৱে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৫৭৩জন লোক৷ ৰাজ্যখনত মৃত্যু হয় ৪জন কৰ’না আক্ৰান্তৰ৷ কামৰূপ মহানগৰত কালি আক্ৰান্ত ২৪৫জন লোক৷





    আৰু পঢ়িব পাৰিব : একেলগে হওক চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ, আয়োগলৈ মমতাৰ দাবী





    কামৰূপ জিলাত আক্ৰান্ত ৪৭জন লোক৷ নগাঁৱত ৩৩জন আৰু ডিব্ৰুগড়ত ২৫জন লোক আক্ৰান্ত৷